মুখা পিন্ধা ভদ্ৰ লোক নহয়, স্পষ্টবাদী অভদ্ৰ মই....
* ক্লাব হাউচ একাংশৰ চৰিত্ৰ প্ৰকাশৰ এক মাধ্যম
* অভিনয় ভাল পাওঁ 
*সাংস্কৃতিক জগত মোৰ প্ৰিয় ❤️ 
* স্বাভিমানীজনে প্ৰমাণ দিবলৈ কেতিয়াও অগ্নিপৰীক্ষা নিদিয়ে !
 @Miss...❤💝☺️
------------------------------
✍️ অংকুৰ কুমাৰ কলিতা
***** তুমি মোক ভাল পাব নালাগে
                          মই এ তোমাক ভাল পাম
   সপোনৰ সাগৰত উঠিছা
                          কল্পনাৰ পাহাৰত বগাইছা
   তথাপিও তোমাকে ভাল পাওঁ
                          সদায় চিৰকাল....।
   সপোন আৰু ভাবনাত তুমি আহি মোক
                          বাৰে প্ৰতি আমনি কৰিবা
   মই পাৰি দিম হৃদয়ত ফুলাম দলিছা
                          তুমি আহি এপলক জিৰাবাহি
   অলপ হলেওঁ শান্তি পাম....।
                           মোৰ হৃদয়ৰ শূন্য কোঠালিত
   থাকি যাব তোমাৰ ছবিখনি...
                           তুমি মোক ভাল পাব নালাগে
   মই এ তোমাক ভাল পাম
                           সদায় চিৰকাল.... ||
                       ♥️♥️♥️
-------------------------------------------------
কটনৰ চৌহদত 
           মিচ অংকিতা
            মনত আছে নে ...?
            প্ৰথম চাৱনীতে তোমাৰ প্ৰেমত
            পৰা সেই দিনটোৰ কথা ....!
            বৰষুণ বেয়া পোৱা ছোৱালীজনী....
            তুমিয়েই নহয় জানোঁ....!
            তুমিটো আছিলা কটনৰ চিনাকি
            আজি হৈ পৰিলা...
            হৃদয়ৰ মানুহজনী ...!
            তোমাৰ দুটি ওঁঠৰ
            মিচিকিয়া হাঁহি....
            তোমাৰ দুচকুৰ চাৱনীয়ে 
            মোক পাগল কৰি দিয়ে..!
            মোক বৰকৈ আমনি কৰে
            নিশা বিচনাত শুই পৰিলে ....
            তোমাৰ হাতৰ দীঘল নখবোৰ
            আজিও আছে নে....?
            আগৰ দৰেই ...!
            তোমাৰ দীঘল চুলিখিনি
            আজিও আছেনে তেনেকৈ...?
            তুমি একো নোকোৱা কিয় ?
            লতাশিল ষ্টপত ৰৈ থাকিম
            নহ'লে শ্ৰদ্ধাঞ্জলি কাননত
            তুমি আহিবা ...
            দুয়ো মনৰ কথা পাতিম ...
            তুমি সাৰে আছা নে ?
            মিচ অংকিতা ....?
            নে শুই গ'লা...
            নিশাৰ গভীৰ নিদ্ৰাত
            সৌ সিদিনা তুমি যে কৈছিলা
            কওঁ নকওঁ কৈ 
            লাভ ইউ বুলি .....
            মনটোৱে কান্দি উঠিছিল
            চিঞৰি চিঞৰি কবলৈ মন গৈছিল
            লাভ ইউ টু বুলি ...
            আৰু কি জানা
            উজাগৰি নিশা তোমালৈ বৰকৈ মনত পৰে ...
            তোমাৰ ফেচবুক প্ৰফাইল খনেই
            সংগী হৈ পৰে ...
            উজাগৰি নিশাত...
            মিচিকিয়া হাঁহিৰে সৈতে
            সেই ফটোখনিয়ে
            দুখৰ মাজতো ,সুখ বিচাৰি দিয়ে
            কাৰণ ,,,তুমি আজন্ম প্ৰেমিকা
            মিচ অংকিতা.....।।
            ✍️অংকুৰ কুমাৰ কলিতা
if the data has not been changed, no new rows will appear.
| Day | Followers | Gain | % Gain | 
|---|---|---|---|
| June 03, 2024 | 1,390 | +17 | +1.3% | 
| May 01, 2024 | 1,373 | +35 | +2.7% | 
| March 20, 2024 | 1,338 | +28 | +2.2% | 
| March 03, 2024 | 1,310 | +65 | +5.3% | 
| February 10, 2024 | 1,245 | +4 | +0.4% | 
| January 23, 2024 | 1,241 | +3 | +0.3% | 
| January 06, 2024 | 1,238 | +4 | +0.4% | 
| December 21, 2023 | 1,234 | +10 | +0.9% | 
| December 06, 2023 | 1,224 | +381 | +45.2% | 
| October 02, 2022 | 843 | +18 | +2.2% |