Prasanta Gogoi on Clubhouse

Updated: Oct 29, 2023
Prasanta Gogoi Clubhouse
66 Followers
136 Following
@adminprasanta Username

Bio

অভিসপ্ত_এই_জীৱন
📝প্ৰশান্ত গগৈ

তাক কোনেও নুবুজে
বুজিবলৈ কোনেও চেষ্টা নকৰে
প্ৰতাৰণাৰ বলি সি বাৰে বাৰে

বিশ্বাসঘাটকতা তাৰ
জীৱনৰ প্ৰথম পৰিচয়
সৰলতা তাৰ জন্মগত
জীৱন-যাপন,
সেই সৰলতাৰ সুযোগভোগী
অনেকজন

সি সপোন দেখি ভাল পাই
লাগিলে তাৰ বাস্তৱতাই নাথাকক
আজি সি নিসংগতাৰ প্ৰেমীক
বিৰহ তাৰ কবিতাৰ ভাষা

তাৰ জীৱনতো যেন
সুখ-দুখৰ একোখন দাপোন
সেউজ বুলিবলৈ একোৱে নাই
যেন লঠঙা গছৰ এখিলা শুকান পাত

তাৰ মনে তাক কয় " আঁউসীৰ আন্ধাৰকো নেওঁচি আগুৱাই যোৱা এই জীৱন যুদ্ধত,
স্থবিৰ হব নিদিবা নিজক,জীৱনক"
কিন্তু তাৰ অবুজ হৃদয়ে নুবুজে

বুজিবনো কেনেকৈ
তাৰ শুকান খৰাং হৃদয়খনে যে
বিচাৰি ফুৰে এটুপাল বৃষ্টি

কিন্তু...
কিন্তু তাৰ দুৰ্ৱলতা আছে

সি সেই বৃষ্টি টুপালৰ
সপোন ত্যাগ কৰিব খোজে
কিন্তু তাৰ হৃদয়ে ত্যাগ নকৰে,
অবুজন হৃদয়ক
বুজাবলৈ সি অপ্ৰাণ চেষ্টা কৰে


নাই সি বুজাব নোৱাৰে
যাৰ বাবে হৈ পৰিছে
তাৰ জীৱন অৰ্থহীন

সি মৰিব খোজে
কিন্তু...!
আত্মহননৰ দৰে
জঘন্য কাণ্ডক সি ঘিন কৰে

বৰ উপায়হীন জীৱন
অসহ্য প্ৰতিটো সময়
যাৰ বাবে আজি সি
চিঞৰী চিঞৰী কব খোজে
এই জীৱন
অভিসপ্ত জীৱন।

Dhemaji
Acting | Song, Poem& script writer| Graphics Design | Video Editor
Admin - Jaha-Taha.com&Sangeet Anuragi Asom

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
October 29, 2023 66 0 0.0%
October 09, 2022 66 -1 -1.5%
August 15, 2022 67 -1 -1.5%
June 02, 2022 68 -3 -4.3%
April 25, 2022 71 -1 -1.4%
March 18, 2022 72 +2 +2.9%
December 13, 2021 70 +1 +1.5%

Charts

Member of

More Clubhouse users