এদিন সঁচাবোৰ কব লাগিবই,এন্ধাৰত নিজৰ মুখখনেই নেদেখি। আনে কি দেখিব? কিমান ঢাকিব,কিমান সহিব?
সময় আহে,আক্ষেপ থাকি যোৱা কেতিয়াবা হয়তো কিছু সিদ্ধান্ত অথবা বিষাদ, মচিব নোৱাৰাকৈ ৰৈ যাব খোজে।
এলান্ধু এখিনি সানি কলা হোৱা মুখখনতকৈও নিজক কলা দেখাটোয়েই বেজাৰ।
উপলব্ধিৰ গৰাহত বালিচৰবোৰ খহি যাব খোজাবোৰেই বেজাৰ।
ভুল আছে বাবেই শুধৰণি আছে।
নিজৰ বাবে সাজি লোৱা কথাবোৰেও ইতস্ততঃ বোধ কৰাই যায়। ভুল হোৱাবোৰ স্বাভাৱিক,শুধৰোৱাটোৱেই কাম্য।
সস্তীয়াৰ উভৈনদীত হীৰাবোৰ হেৰাই যায়।
কিছু কথা পাহৰি যোৱা উচিত,
কিছু কথা পাহৰি যোৱাটোৱেই প্ৰয়োজন
উৱঁলিব ধৰা মলিয়ন কামিজটোক দ-খাৱৈত
পেলাই দিয়াটোয়েই দৰকাৰ...❤️🥀