মানুহ মানুহৰ বাবে on Clubhouse

মানুহ মানুহৰ বাবে Clubhouse
36 Members
Updated: Mar 18, 2024

Description

*'মানুহ মানুহৰ বাবে'*

যান্ত্ৰিকতাৰ মাজত এমুঠি সেউজীয়াৰ সন্ধানত; কিছু সংখ্যক উদ্যমী, কিতাপ প্ৰেমিৰ সহযোগত জন্ম হোৱা এক অনুষ্ঠানৰ নাম, 'মানুহ মানুহৰ বাবে'৷ ভূপেন হাজৰিকাদেৱৰ সংগীতৰ বাক্যাংশক সৰোগত কৰি আগবঢ়া আমাৰ এই যাত্ৰাৰ সংগী হৈছে মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ পৰা আদি কৰি সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত, ভিন্ন বৃত্তিৰ মানুহ৷ লগতে আছে, অসমীয়া সাহিত্যজগতৰ লগত জড়িত কেইবাটাও প্ৰকাশন গোষ্ঠীৰ স্বত্বাধিকাৰী৷
*আমাৰ এই যাত্ৰাৰ মূল উদ্দেশ্য হ’ল,*

▪️আৰ্থিক দীন্যতা যাতে কোনো পধ্যেই শিক্ষাৰ অন্তৰায় নহয়৷

▪️ আমি অসমৰ আৰ্থিকভাৱে দুৰ্বল কিন্তু শিক্ষা লাভৰ বাবে আগ্ৰহী ছাত্ৰছাত্ৰীক পাঠ্যপুথি বিতৰণ কৰিবলৈ ইচ্ছুক৷

▪️আমি অসমৰ আৰ্থিকভাৱে দুৰ্বল কিন্তু সাহিত্যৰ সুধা পান কৰিবলৈ আগ্ৰহীসকলক বিনামূলীয়াকৈ তেওঁলোকৰ ইচ্ছা অনুযায়ী কিতাপ প্ৰদান কৰিবলৈ ইচ্ছুক৷

▪️ আমি কিতাপসমূহ ব্যক্তিগতভাৱে আৰু ডাকযোগে উভয় মাধ্যমেৰে বিতৰণৰ বাবে আগবাঢ়িম৷

▪️পাঠ্যপুথিৰ ক্ষেত্ৰত ভাষা অন্তৰায় নহয় যদিও সাহিত্য তথা পাঠ্যক্ৰমৰ বাহিৰৰ কিতাপৰ ক্ষেত্ৰত অসমীয়া সাহিত্য আৰু অসমীয়া ভাষাক অগ্ৰাধিকাৰ দিয়া হ’ব৷

*আপুনি আমাৰ লগত কিদৰে সংযুক্ত হ’ব পাৰিব,*

▪️অসমৰ যিকোনো চহৰৰ পৰা আপুনি আমাৰ লগত সংযুক্ত হ’ব পাৰিব৷ তাৰ বাবে আমাৰ ফেচবুক পেজ *'মানুহ মানুহৰ বাবে'* লাইক কৰিব পাৰে৷ নাইবা আমাৰ কোনো সদস্য সদস্যা সহযোগত আমাৰ গোটত যোগদান কৰিব পাৰে৷

▪️আপুনি আপোনাৰ অঞ্চলৰ কিতাপৰ প্ৰতি স্পৃহা প্ৰকাশ কৰা ছাত্ৰছাত্ৰী বা ব্যক্তিক কিতাপ প্ৰদানৰ বাবে আমাৰ লগত যোগদান কৰিব পাৰে৷

▪️আমাৰ গোটৰ সদস্য-সদস্যা হিচাপে আপুনি যি কিতাপ প্ৰদান কৰিবলৈ ইচ্ছুক হয়, তেন্তে আপুনি আমাক সেই বিষয়ে অৱগত কৰিব পাৰে৷

*অনুষ্ঠানৰ নিয়মাৱলী*

▪️সহায়-সহযোগিতা আগবঢ়াব বিচৰা কোনো ব্যক্তিৰ পৰা পইচা লোৱা নহ’ব৷ তেওঁ সাহায্যৰ নামত যি মূল্য আগবঢ়াব বিচাৰে, সম মূল্যৰ কিতাপ আগবঢ়াব পাৰিব৷ কিন্তু, টকা-পইচা লোৱা নহ’ব৷

▪️এই অনুষ্ঠানৰ কোনো সদস্য-সদস্যাই এই মজিয়াৰ নাম ব্যৱহাৰ কৰি কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা কোনো ধৰণৰ টকা-পইচা সংগ্ৰহ কৰিব নোৱাৰিব৷ তেনে কাৰ্য্যত নিয়োজিত হ’লে তেওঁক উচিত দণ্ড প্ৰদান কৰা হ’ব৷

অসমীয়া সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ স্বপ্নক সাৰথি কৰি আগবাঢ়ি অহা এদল মানুহক আপোনালোকৰ সহায়-সহযোগিতা আৰু সু-পৰামৰ্শৰ অত্যন্ত প্ৰয়োজন৷ গতিকে, আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ আৰু সহযোগিতাৰে যাতে এই মজিয়াখনক জাতিষ্কাৰ কৰি তোলে৷ সেয়াই আমাৰ কাম্য৷

Last 30 Records

Day Members Gain % Gain
March 18, 2024 36 0 0.0%
January 27, 2024 36 0 0.0%
December 14, 2023 36 0 0.0%
November 04, 2023 36 0 0.0%
October 05, 2023 36 +1 +2.9%
September 05, 2023 35 0 0.0%
August 07, 2023 35 0 0.0%
July 06, 2023 35 0 0.0%
June 14, 2023 35 0 0.0%
March 14, 2023 35 -1 -2.8%
July 24, 2022 36 +1 +2.9%

Charts

Some Club Members

More Clubs