সলনি বুলি ক'বলৈ একো নাই
সলনি হৈছে মাথোঁ চনটোৰ সংখ্যা এটা
চাৰিওফালৰ পৰা চাবলৈ গ'লে
বিচাৰি পাম মাথোঁ
স্বাৰ্থপৰ সমাজৰ স্বাৰ্থত কৰি থকা মৰম
আজিৰ দিনত কোনো কাৰো আপোন হ'ব নোৱাৰে
সকলোবোৰ এটা ভাল লগা সময়ৰ কিছু কিছু অভিনয়
ভুল বোৰ তাতেই হয়
য'ত ভাল লগা, ভালপোৱা বোৰ জীৱনৰ শেষ মূহুৰ্তলৈ থাকিব বুলি আশা কৰোঁ
আচলতে সম্পৰ্ক বোৰ অভ্যাসত পৰিণত কৰি ল'ব নালাগে
কাৰণ সম্পৰ্ক বোৰ সদায় নাথাকে
কিন্তু
সম্পৰ্ক বোৰে দি যোৱা বিষাদবোৰে সদায় চকুপানী ওলোৱাৰ
জীৱনত আচলতে কাৰো বাধা হ'ব নালাগে আৰু আন কোনোবা মোৰ হোৱাতো নিবিচাৰোঁ
জীৱনটো আচলতে বিশ্বাসত চলে,,, এই বিশ্বাস এবাৰ ভাগি গ'লে হাজাৰ সত্য জনৰো মুল্য নাথাকে।।।
সেয়েহে ভৰষা নিজক কৰিব লাগে,, অপেক্ষা, মানুহ চিনি পোৱা, হেৰুৱাবোৰৰ অবিহনে জীয়াই থকা , চিনাকি বোৰ অচিনাকী হোৱা এই মুল্যহীনবোৰ চিনিব পাৰিলেই হয়টো জীৱনৰ প্ৰকৃত অৰ্থ বুজি পোৱা যায়!!
হেঁপাহ,আবেগ, অনুভৱ, আশা আৰু হাঁহি বোৰ মানুহৰ জীৱনৰ এটা এটা লুপ্ত হৈ থকা প্ৰকাশ কৰিব নোৱাৰা মাথোঁ খণ্ড,,
সৰুতে মাক-দেউতাই ঠিকেই কৈছিল য'ত প্ৰশ্ন কৰিব তাৰ উত্তৰ কেৱল এটা হাঁহি।
এতিয়া অনুভৱ কৰোঁ প্ৰতিটোপাল চকুপানী এটা এটা কাৰণ থাকে,,,
যিটো কাৰণ হয়তো আমি বোৰ নিজেই,, কিয়নো সকলোকে আপোন বুলি ভাবোঁ।।
এতিয়া বাদ দিছোঁ সকলো,,,,,
এটা জীৱন, ৰঙীন ৰঙীন সপোনৰ হাজাৰটা বেদনাদায়ক কাহিনী, নিশাৰ আন্ধাৰত চকুপানী সেয়েহে জীৱনহে আজি আছে কালিলৈ নাই,,,,,
ৰৈ যাব নিদি আগুৱাই যাব লাগে 😊😊