ƦƲƊƦƛ ƇӇƲƬíƛ on Clubhouse

Updated: Mar 25, 2024
ƦƲƊƦƛ ƇӇƲƬíƛ Clubhouse
1.2k Followers
1.4k Following
@rudra12345 Username

Bio

@@ বৰষুণজাক নহা হ'লেই ভাল আছিল @@

মোৰ আকাশে উচুপে
তোমাৰ শূন্যতাত
যেতিয়াই মন যায় হুৰমুৰকৈ
নামি আহে বৰষুণ এজাক

পাখিলগা ডেউকাৰ সুখৰ সপোন
খহি পৰে দেওলগা পথাৰত

ধাৰাসাৰ বৰষুণে ধুই নিয়া
অঘৰি নদীৰ ঘাটত
শূন্যতা পুৰাবলৈ আবৃত্তি কৰিছো
কেৱল শোকৰ মালিতা

এনাজৰি ছিঙা বঙহৰ মঙহ
দুখৰ বোকাৰ ছিটিকনি
উর্মিলা সপোনে ৰৈ ৰৈ উচুপে
অনুভৱৰ শূন্যতাত
বুকুৰ চৰাইজনি ও আনমনা

কেনেকৈ পঢ়িবা তুমি
উপলা নদীৰ প্ৰেমৰ কবিতা

তোমাৰ চকুৰ নীলাৰে
যদিহে গাভৰু হয় নদী
চপৰা-চপৰে হব গৰাখহনীয়া
আৰু নিচুকনি গীত শুনি
উচুপি উঠিব ভাটিয়ালী সুৰ

ওৰেটো ৰাতি আঁকিলো
তোমাৰ ছবি
সপোনৰ বন্যাই ধুই নিয়ে
হৃদয়ত পাহ মেলা ৰামধেনু প্ৰিতি

বৰষুণজাক
নহা হ'লেই ভাল আছিল
কম্পাচৰ কাঁটাৰে জুখি জুখি
চকুৰ ইংগিততে হ'লোহেঁতেন কথা
অ...লে...খ কথা...
যোৱা ৰাতিৰ কথাবোৰ
আন্ধাৰ অৰণ্যত
সৰি পৰা সৰাপাতবোৰ
দ নে বাম
উভতি খোজ লোৱা বাটটিৰ বিষাদৰ গভীৰতা কিমান---

মুখামুখি হ'লেই সুধিম তোমাক

সহজতে হেৰাই গ'লেও
সহজ নহয় পাহৰা
মাটি মাটি পলসুৱা গোন্ধ
আৰু উৱলি যোৱা সপোনৰ ঘৰ

বৰষুণজাক
নহা হ'লেই ভাল আছিল
কমলা কুঁৱৰীৰ ইননি-বিননি
সর্গদেউৰ পুখুৰীত এঠুঁতৰি পানী

বৰষুণজাক নহা হ'লেই ভাল আছিল |

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
March 25, 2024 1,224 +15 +1.3%
March 07, 2024 1,209 +17 +1.5%
February 14, 2024 1,192 +9 +0.8%
January 28, 2024 1,183 +11 +1.0%
January 11, 2024 1,172 +14 +1.3%
December 26, 2023 1,158 +19 +1.7%
December 10, 2023 1,139 +15 +1.4%
November 26, 2023 1,124 +21 +2.0%
November 13, 2023 1,103 +5 +0.5%
November 03, 2023 1,098 +1 +0.1%

Charts

Member of

More Clubhouse users