জীৱনটো জীয়াবলৈ যে কিমান অজুহাত লাগে
আৰু ছাঁই হ'বলৈ এটাই যথেষ্ট !
তাই ক'লে মোক ডেউকা দুখন দিয়া
মই সপোনবোৰ গতাই দিলো !
তাই ক'লে মোক এগালমান জোনাক লাগে
মই চকুৰ মাজত তেওঁক জীয়াই ল'লো !
তাই ক'লে, মোক ওমলিবলৈ সেউজীয়া পথাৰ এখন লাগে
মই বুকুৰ মজিয়াখন মোকলাই দিলো !
তাই ক'লে মই দৌৰিব নোৱাৰো
মই উশাহৰ বোকোচাত বান্ধি ল'লো !
আৰু মই ক্ৰমশঃ তাইৰ দৰেই জী উঠিলো !
সৌ সিদিনাৰ কথা
তাই ক'লে, 'প্ৰাপ্তিয়েই যে শেষ কথা নহয় জীৱনৰ
সজাত বন্দী চৰাইৰ সৌন্দৰ্য ক'ত !
মই এতিয়া দিচাঙৰ এৰেহা দাঁতিত জী উঠা নতুন কলপুলি
কোনজনী চৰাইয়ে বা আহি জিৰাইহি !!!
8471842292 whatsap
https://youtu.be/gd_4P5hAcpU
https://youtube.com/channel/UC-Ur9Hkt9-mLHWPo3h6CMhg
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
August 22, 2023 | 103 | +7 | +7.3% |
October 02, 2022 | 96 | -3 | -3.1% |
July 05, 2022 | 99 | +3 | +3.2% |
May 29, 2022 | 96 | -10 | -9.5% |
April 21, 2022 | 106 | +3 | +3.0% |
March 14, 2022 | 103 | +5 | +5.2% |