Rahul Saikia on Clubhouse

Updated: Sep 27, 2023
Rahul Saikia Clubhouse
150 Followers
90 Following
@rawpice Username

Bio

একপক্ষীয় ভালপোৱা
************************
আচলতে জানেনে এই যে প্ৰেম বুলি কয়
ই দুয়োপক্ষীয় হোৱাত কৈ একপক্ষীয় হ'লেই ভাল
অকনো আভাস নোপোৱাকৈয়ে তাইক যে
হিয়া উজাৰি মৰম দিব পাৰি ,
আৰু মন গ'লেই মৰমকণ কমাই আঁতৰি আহিব পাৰি ;
কোনো আক্ষেপ বা বিদ্ৰোহ ভাৱৰ প্ৰশ্ন নুঠে তাত !
একপক্ষীয় প্ৰেমেই ভাল অ' বহুত ভাল ।

কল্পনাৰে সপোনৰ কাৰেং সাজি
মন গ'লেই তাক ভাঙি চূৰ-মাৰ কৰিবও পাৰি
কোনোৱে যে একো আও-ভাওকে নাপাব
কি হৈছিল কি হৈছে আৰু কি হ'ব পিছলৈ ( ? )
মাথোঁ অবিৰত ভাবে বৈ যাব এই একপক্ষীয় ভালপোৱা ।
হয়টো আপুনি এই প্ৰেমক স্বাৰ্থলোভী বুলি অভিহিত কৰিব পাৰে
একো নাই আপুনি চিঞৰি চিঞৰি ক'ব পাৰে ,
অথচ প্ৰতাৰক, ঠগ, প্ৰৱঞ্চক এই নামৰ মোহৰৰ পৰা
বহু গজ দূৰত মই থিতাপি থাকিম ।
আপুনি নো কি বুজিব একপক্ষীয় প্ৰেম / ভালপোৱাৰ মাদকতা
আহিব আপুনি এবাৰ
একপক্ষীয় প্ৰেমেৰ বসতিলৈ সাদৰেৰে স্বাগতম জনাম আপোনাক !
ঠগ, প্ৰৱঞ্চক, প্ৰতাৰকৰ মোহৰৰ পৰা বহু যোজন নিলগত ৰাখি
আপোনাকো প্ৰেমৰ মাদকতাত সাঁতুৰিবলৈ শিকাম ,
আহিব এবাৰ পৰিচয় হ'বহি একক্ষীয় প্ৰেমৰ মাদকতাৰ ।।


✍🏻 ৰাহুল শইকীয়া
6000756851

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
September 27, 2023 150 +14 +10.3%
August 09, 2022 136 -3 -2.2%
May 27, 2022 139 +3 +2.3%
April 19, 2022 136 +2 +1.5%
March 11, 2022 134 +1 +0.8%
January 13, 2022 133 +1 +0.8%
December 06, 2021 132 +32 +32.0%

Charts

Member of

More Clubhouse users