পংকজ প্ৰীতম on Clubhouse

Updated: Sep 27, 2023
পংকজ প্ৰীতম Clubhouse
55 Followers
122 Following
@pankajpreetam Username

Bio

I'm not singer but
I'm a good listener
মৰম মানে প্রতাৰণা

∞পংকজ প্ৰীতম বৰুৱা ।

কোনে কয় মৰম ,
মৰম মানে- বিশ্বাসৰ সংজ্ঞা,
মৰম মানে - আশাৰ নমুনা ,
মৰম মানে - বন্ধুত্বৰ এনাজৰী ।।
ক'তা---
মোৰ দেখোন তেনেকুৱা
একো নালাগে ,
মৰমৰ লগতেই আছে ভালপোৱা
আৰু বিশ্বাস ।।
কিন্তু----
মনে নামানে আৰু মানি কি লাভ ?
মই মানি লব নুখুজো !
কাৰণ কি তাকো নাজানো !
হয়টো এইটো টকাৰ প্ৰভাৱ ।
মানুহে কয় বোলে দুখ য'ত আছে তাত হে সুখ থাকে ।
কিন্তু - বোলে দুখৰ সজাতহে থাকে সুখৰ চৰাই ।
মোৰ আকৌ ওলোটা
মই পাওঁ মৰমৰ নামত বাৰে বাৰে প্ৰতাৰণা ।।।

:- ঐ
:- কিবা কবা।
:- কবলৈ বহুত আছে।তথাপিও আজি নকওঁ দিয়া।
:- কিয় নোকোৱা?
:- সদায় কৈয়ে থাকোঁ,আজি মোৰ মৌনতাৰ পৰাও অনুভৱ কৰাচোন মই কি কব বিচাৰিছোঁ।
:- Atcha..কৰিছোঁ দিয়া অনুভৱ আৰু বুজিও পাইছোঁ তোমাৰ অভিমানবোৰ কিয় ইমান বেছি হৈছে।
:- যদি বুজি পাইছাই তেনেহলে অভিমানবোৰ নাভাঙি কিয় আঁতৰি আছা?
:- ধেইত পাগলী আঁতৰি থকা নাই অ',অলপ ব্যস্ত আছোঁ এইকেইদিন সেইবাবেহে সময় দিব পৰা নাই তোমাক।
:- ব্যস্ততাবোৰ অলপমান আঁতৰ কৰি কিছু সময় মোৰ সৈতে কটাব নোৱাৰোঁ নে?
:- পাৰিম,কিন্তু আৰু দুদিনমান অপেক্ষা কৰা।তাৰ পিছত তুমি আমনি পাই কৈ যাবা "ইমানো সময় বিচৰা নাছিলোঁ মই তোমাৰ পৰা"।
:- ইস্ হ'ব।পিছে ইমান বেছি ব্যস্ততা কিহৰ বাবে।
:- তোমাক আজীৱন সুখত ৰখাৰ দায়িত্ব ভালদৰে পালন কৰিবৰ বাবে।
:-😊😊☺️☺️
:- এতিয়া বুজিলাটো।
:- Hmm বুজিলোঁ।
:- আজিৰ পৰা সময় দিয়া নাই,বেছি ব্যস্ত বুলি মন বেয়া কৰি থাকিবা নে?
:- উমহো নাথাকো।এইবোৰ কথাকে আগতে বুজাই দিয়া হ'লে ইমান খং নকৰোঁ নহয়।
:- মইতো ভবাই নাছিলোঁ তোমাৰ খঙবোৰ আজিকালি ইমান বেছি হৈছে বুলি।
:- 😃😃 তুমিয়েই বেছি কৰিছা মোৰ খং।
:- Atcha.. বাৰু এতিয়া যাওঁ ব'লা। আকৌ তোমাক খং উঠাবলৈ সুযোগ দিয়াৰ সময় হৈ গ'ল।
:- um হ'ব ব'লা। এইবাৰ আৰু মোৰ খং নুঠে।

🥀এনেকৈয়ে কেতিয়াবা ভুল বুজা বুজি আৰু খং ভৰা অভিমানবোৰ প্রিয় জনৰ বুজনিত নাইকিয়া হৈ যায়🥀

😍ভালে থাকক এনেদৰে খং অভিমান কৰিও সদায় একেলগে থকা সম্পৰ্কবোৰ,,😍

অতীত সদায় অতীত হৈ থাকক...❤️
#Past_is_Past

(১)
- আকৌ তোমাৰ জীৱনলৈ উভতি যাব নোৱাৰিম!
- কিন্তু কিয়...?
- তোমাক আকৌ বিশ্বাস কৰিব নোৱাৰিম।
- কিন্তু কিয়...?
- এতিয়া মই তোমাৰ কথা একোকেই নাভাবো।
- অনুগ্ৰহ কৰি মোক ক'বানে... কিয়?
- তুমি জানো মোক কৈছিলা, কিয়...?

(২)
- তুমিয়ে কৈছিলা নিজৰ মানুহবোৰ উভতি আহে, এতিয়া মইও উভতি আহিছো... তেতিয়াহ'লে মোৰ লগত আনৰ দৰে ব্যৱহাৰ কিয়...?
- তুমিও কৈছিলা এজনক সচাকৈ ভালপোৱাৰ পিছত মানুহে আনক ভালপোৱাৰ কথা নাভাবে, তেতিয়াহ'লে আনৰ বাবে মোৰ পৰা দূৰ হৈছিলা কিয়...?

(৩)
- কোনোবাই ভুল কৰিলে ক্ষমা কৰি দিয়াটো বহুত ডাঙৰ কথা হয়নে...?
- হয়।
- তেতিয়াহ'লে মোক...
- কেতিয়াবাই ক্ষমা কৰিছো।
- তেতিয়াহ'লে মোৰ লগত এনেকুৱা কৰি আছা কিয়...?
- ক্ষমা কৰিছো, কিন্তু দ্বিতীয়বাৰ আকৌ সেই একেই মূৰ্খামী নকৰো ।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
September 27, 2023 55 -5 -8.4%
October 23, 2022 60 -1 -1.7%
August 22, 2022 61 -3 -4.7%
July 16, 2022 64 -2 -3.1%
June 09, 2022 66 -2 -3.0%
March 25, 2022 68 +3 +4.7%
January 26, 2022 65 -2 -3.0%
December 19, 2021 67 +58 +644.5%

Charts

Member of

More Clubhouse users