Mîss on Clubhouse

Updated: Jun 11, 2024
Mîss Clubhouse
41 Followers
3 Following
@niki0678 Username

Bio

তাত মই হেৰা‌মেই বা কি, য'ত মোৰ একোৱেই নাই। জীৱনটো জীৱন হৈ থাকিব বা ক'ত, য'ত আশাৰেই শেষ নাই।
__________//
জীৱনৰ এটা বেয়া অধ্যায়ে এইটো নুবুজায় যে তোমাৰ জীৱন কাহিনী শেষ হোৱাৰ সময় হ'ল…! এই ফিল্মবোৰতেই চোৱা, ভালকৈ শেষ হোৱাৰ আগত কিমান বেয়া বেয়া পৰিস্থিতিয়ে দেখা দিয়ে… সেয়ে হয়তো শেষটো আৰু বেছি ভাল লগা হয় পৰে। মই জানো, জীৱনটো ফিল্মৰ কাহিনীৰ লগত একেবাৰেই নিমিলে… কিন্তু আকৌ এবাৰ চেষ্টা কৰি চোৱাত আপত্তি নো কি আছে…!
সময় হে… ই সলনি হৈয়ে থাকে... ✨❤

******
#তুমিও_মোৰ_দৰে...✨❤

● ৰাতি শুৱাৰ সময়ত যদি গান শুনি শুৱাৰ অভ্যাস আছে…!

● যদি ঘৰৰ মানুহ বাহিৰত ওলাই গৈ তেওঁ উভতি অহাত অলপ পলম হ'লে চিন্তা হৈ থাকে, কিমান কি যে ভাব মনত আহে… হেৰুৱাই দিয়াৰ ভয় নে কি নাজানো, কিন্তু কিবা এটা চিন্তা হৈ থাকে…!

● যদি ঘৰৰ মানুহক হওক বা আন কাৰোবাক টানকৈ কোৱাৰ পিছত আকৌ নিজৰেই বেয়া লাগি থাকে, কিবা ডাঙৰ ভুল কৰা যেন ভাৱ আহি থাকে…!

● যদি নিজৰ কাহিনী কোৱাতকৈ আনৰ কাহিনী শুনি বেছি ভালপোৱা… দুখবোৰ বুজিবলৈ চেষ্টা কৰা…!

● যদি আনৰ আগত সৰু হ'বলৈ টান পোৱা, ভুল নোহোৱা ঠাইত মৰি গ'লেও ক্ষমা নোখোজা…!

● যদি আনক পাৰ্য্যমানে সহায় কৰি ভালপোৱা…!

● যদি গান শুনিলে তুমিও গানৰ শব্দবোৰত বেছি মন দিয়া…!
++++++
“ মুখা পিন্ধা মানুহৰ মুখাখন খুলকিলে আচল চেহেৰা দেখা পায় ৷ চৰিত্ৰহীন হোৱা স্বত্বেও ভদ্ৰতাৰ মুখা পিন্ধি ভদ্ৰ হোৱাৰ অভিনয় কৰে ৷ আপচোচ লাগে এনেকুৱা মানুহক বিশ্বাস কৰি আপোন ভাবি ঠগ খাই যাওঁ...”
. ...... ...... //\\
আচলতে কথা পাতিলেহে মনে মিলা মানুহৰ সন্ধান ওলাই ৷ মনতে কাৰোবাৰ প্ৰতি আৱেগ এটি লৈ একপক্ষীয়ভাৱেনো কিমান কল্পনা কৰিব ৷ ভালপোৱা বা প্ৰেম বুলি নহয় ৷ জীৱনত মানুহক মানুহ লাগে ৷ প্ৰেমিক বা প্ৰেমিকা বুলি নহয় বিশেষ মানুহ লাগে ৷ যাৰ আগত আমি বিনাদ্বিধাই সকলো কথাই শ্বেয়াৰ কৰিব পাৰো ৷ বিশ্বাসী মানুহ আমাক লাগে ৷
এবাৰ সাহস কৰি তেওঁৰ সৈতে কথা পতাৰ প্ৰয়াস কৰক যাৰ প্ৰতি মনত কি’বা এটি অনুভৱ আছে ৷ মেছেজৰ ৰিপ্লাই নোপোৱাৰ বাবে বা গুৰুত্ব নিদিব বুলি আঁতৰি থাকিলে তেনেকৈ ৰৈ যাব ৷ মনৰ কথা তেওঁৰ আগত প্ৰকাশ কৰাটো একো অপৰাধ নহয় যাক ভাল লাগে ৷ কথা পাতিব মন গ’লে কথা পাতি চাব লাগে ৷ এইয়া লাজ বা পৰিতাপৰ কথা নহয় ৷ যদি কাৰোবাক আগতে মেছেজ দিলে মাত দিলে যদি সন্মান হানি হয় বুলি ভাবিছে তেন্তে সেইয়া আপোনাৰ সমস্যা ৷ ইয়াত সৰু ডাঙৰ বুলি কথা পতা বা ল’ৰা - ছোৱালী বুলি কথা নাই ৷
“ আপোনাৰ মনৰ ইচ্ছাক এখোজ আগুৱাই নিবলৈ আপোনাৰ মনোবলৰে প্ৰয়োজন...”
::::;;;
গানে মনৰ কথা কয়
বাস্তৱত মানুহে মানুহক জীয়াব শিকাই আকৌ মৰহিবও বাধ্য কৰে
কাৰণ চৌপাশে স্বাৰ্থৰ খেল, সঁচা আৱেগৰ আদৰ কৰিব মানুহে পাহৰিছে ৷ মানুহে মানুহক প্ৰেম কৰে মানুহে মানুহক প্ৰেমৰ চলনাৰে মানসিকভাৱে হত্যাও কৰে..
#
- অকলশৰে কিয় থাকা ? নে কাৰোবাৰ লগত কথা পাতিলে অনুভৱ জাগ্ৰত হ’ব বুলি ভয় কৰা ?
- তেনেকুৱা কথা নহয় ! মানুহক আপোন ভাবি ল’লে সোনকালে বিশ্বাস কৰিব লওঁ আৰু তেনেদৰে এটা সময়ত প্ৰতাৰিত হওঁ ৷
- মানে প্ৰেম কৰি

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
June 11, 2024 41 +3 +7.9%

Member of

More Clubhouse users