নিস্তব্ধ গলিৰ, নিষিদ্ধ বাট,
তাতেই শুনো মাজৰাতি তাইৰ কাতৰ আৰ্তনাদ
ৰাতিও ৰং চাই যায় বহু ডেকাই,
তাইৰ পৰিচয় তাইয়ে উদঙাই
কোনো দৰদী প্ৰেমিকৰ বাবে তাইও বাট চাই
তাৰ প্ৰতিদানত চৰিত্ৰহীনা নাম হে পায়;
দুখ ঢাকিবলৈ তাইও লোচনত ৰহন লগায়,
কিন্তু, দুধাৰী অশ্ৰুত ৰক্তহে নিগৰি যায়..
মাইল, মাইল বাটকুৰি বাই, তাই সুখ বেচিবৰ বাবে যায়..!!