☬༗ꪑꪊꪑꪊ ♕︎ on Clubhouse

Updated: Jul 17, 2023
☬༗ꪑꪊꪑꪊ ♕︎ Clubhouse
252 Followers
159 Following
@mumu.pwali Username

Bio

সপোনৰ ঠিকনা বিচাৰি............🤔

মই জানো যে মই যিখিনি কথা অৱগত কৰিবলৈ বিছাৰিছো সেইখিনি কথা কিছুমানৰ বাবে গুৰুত্বহীন।কিন্তু মই কিছুমান মানুহৰ মানসিকতাৰ প্ৰতি লক্ষ্য ৰাখি হে কথাখিনি কলো।যদি কওঁতে কিবা ভুল হৈছে তেন্তে ক্ষমা কৰিব।🙏🏻

প্ৰতিগৰাকী নাৰীক আপুনি আপোনাৰ ভগ্নী বা আপোনাৰ মাতৃ বুলি ভাবক আৰু ঠিক তেনেদৰেই সন্মান দিয়ক,শ্ৰদ্ধা কৰক।কাৰণ তেওঁৱেই এই মানৱ জাতিৰ সৃষ্টিকৰ্তা।তেওঁৰ অবিহনে এই পৃথিৱীৰ মূল্য নাই।🙅

নাৰীক কেতিয়াও আপুনি দুৰ্বল বুলি নাভাবিব,কাৰণ সময়ত তেওঁ মা দুৰ্গাৰ ৰূপ আৰু কেতিয়াবা কালীৰ ৰূপো ধাৰণ কৰিব পাৰে। এগৰাকী উপন্যাসিক ৰীতা চৌধুৰী বাইদেউৰ কথাৰে " মৰম আকলুৱা হাতবোৰ দেখি মমেৰে গঢ়া বুলি ,তাপ পালেই গলি যোৱা বুলি ভাবি ভুল নকৰিবা।এই হাতবোৰৰো থাকে বাঘজৰী ধৰিব পৰা লো যেন মুঠি "✊🏻

শেষ প্ৰান্তত মোৰ নিজা অনুভৱেৰে কওঁ যে নাৰীক আপুনি যেতিয়াই সন্মান দিব শিকিব তেতিয়াই এই সমাজৰ পৰা নাৰী সম্পৰ্কীয় সমস্যা সমূহ দুৰ হ'ব।আজিৰ দিনত নাৰী সকলো পুৰুষৰ সমানেই আগবাঢ়ি গৈছে। যিগৰাকী নাৰীয়ে তোমাক জন্ম দিছে সেয়া হৈছে মা।আনগৰাকী নাৰীও তোমাৰ মাৰ দৰেই।তোমাক মায়ে যেনেকৈ জন্ম দিছে তেওঁকো তেনেদৰেই দিছে।এগৰাকী 🧑‍🍼"মা"য়েহে গম পাই তেওঁৰ প্ৰসৱ বেদনা কিমান কষ্টকৰ।বৰ্তমানৰ কিশোৰী বা যুৱতীসকলেই গৈ ভৱিষ্যত এই "মা" নামৰ এই মহান শব্দটিৰ অধিকাৰী হয়।🤰
বৰ্তমান হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ।সময়ৰ লগত মানুহ বহু দূৰ গুচি গৈছে। ঠেলাগাড়ী এৰি ইঞ্জিনযুক্ত গাড়ী ব্যৱহাৰ কৰা হ'ল।কিন্তু নাৰী নামৰ এই জাতিটোৰ ওপৰত মানসিকতা একেই থাকিল।এতিয়া চিন্তাধাৰা সলনি কৰিবৰ হ'ল।🥺

নাৰীক যিমান পাৰে সুৰক্ষা কৰক।নাৰীৰ অবিহনে মানৱজাতিৰ অস্তিত্বই বা ক'ত?🤷

এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিছাৰিছো।আমি clubhouse ব্যৱহাৰ কৰি আছো,ইয়াত বহুতো ল'ৰা ছোৱালী থাকে।যাৰ ভিতৰত মইও এগৰাকী।আজিৰ যুগত ১৫/১৬ বছৰ বয়সৰ পৰা আৰম্ভ কৰি সকলো লৰা ছোৱালীৰ হাতত মোবাইল ফোন থাকে। তেওঁলোকেও ইয়াত জড়িত থাকে।কিছুমান মানুহ এনেধৰণৰ থাকে যিয়ে অশ্লীলতকৈ অশ্লীলতম শব্দ কিছুমান ব্যৱহাৰ কৰে। যিটো কেতিয়াও গ্ৰহণযোগ্যই নহয়।তেওঁলোকক মই আপোনালোকৰ ভগ্নী হিচাপে কৈছো যে ইয়াত থকা সকলো ছোৱালীক আপুনি আপোনাৰ ভগ্নী বুলি বা বাইদেউ বুলি আৰু ছোৱালীসকলে আপোনালোকৰ ককাইদেউ বুলি বা ভাইটি বুলি ভাবক। কিয়নো আপোনালোকৰও ঘৰত চাগে এগৰাকী এগৰাকী ভাইটী ভন্টি আছে।যদি তেওঁক আপুনি বা আপোনাক কোৱাৰ দৰে আন কোনোবাই কয়,এতিয়া আপোনাৰ কেনে অনুভৱ হ'ব এবাৰ ভাবি চাব।🙏🏻
মইও এনেধৰণৰ পৰিস্থিতিৰ বহুবাৰ সন্মুখীন হৈছো।গতিকে আপোনালোকৰ আগত মই মোৰ অনুভৱ ব্যক্ত কৰিলো।বাকী আপোনালোকৰ মানসিকতা কেনেকুৱা সেইয়া আপোনাৰ ওপৰত নিৰ্ভৰ।কেৱল এজনৰ চিন্তাধাৰাই এখন সমাজ সলনি কৰিব নোৱাৰে।সকলোৱে যেতিয়া এটা এটা ভাল মানসিকতা লৈ সমাজৰ আগত থিয় দিব তেতিয়া সমাজখন নিজেই সলনি হ'ব।ভাল এখন সমাজ গঢ় দিবলৈ হলে এটা ভাল চিন্তাধাৰাৰ মানসিকতাই যথেষ্ট।🙏🏻🤗

Member of

More Clubhouse users