Dikshita Kakoty on Clubhouse

Updated: Dec 8, 2023
Dikshita Kakoty Clubhouse
549 Followers
381 Following
@mukumaina Username

Bio

নিশাবোৰ কেনেকুৱা ভাৱিছেনে
জানিবয়ে যদি খুজিছা মোক
কি
জানিবা কোৱা
বুকুৰ অন্তহীন কথা নে
মেঘৰ কথা নে
মোৰ কথা
নে মাথোঁ বুকুৰ প্ৰাচীৰ
ভালপোৱা !
ভুল যদি হয় যায়
ক্ষমা কৰি
দিম
উভতি নাহিবা
আধৰুৱা হৈ ।

মই জীৱনৰ সান্নিধ্য জানোঁ
মই জানোঁ আত্ম ঘাটৰ বহু কাহিনী
জীৱন যেন উচাতনৰ ঢৌ নহয় !
মহৰি পকোৱা জীৱনটোৰ বাবে
নৈ এখনত
সাঁতুৰী
সাঁতুৰী
ক্ৰমে
বাঢ়ি থাকে
ভালপোৱা
উফোন
চুকে কোনে থাকে
যাযাবৰ অভিমান


জানিছা যদি জানায়ে
যিবোৰ কথা নকলেও
জনা উচিত সজতনে
মোৰ আকাশত আছে অনেক ভালপোৱা মালিতা অনেক তৰাভৰা জোনাক
সেই নামৰে
তৰালী
ধৰিব লবা পাৰা অনেক মাজত
অনেক কৰি
সমাভাগী হ‌ও‍ঁ জীৱন
জীৱনৰ বাবে !
যিবোৰ কথা নদীৰ দৰে
মোহনা নাথাকে
মই সাধু
মই অসাধু গল্পৰশৈলী .....


যি বাটৰে চাইছো
সেই বাটৰ নামে
সুৰভি ...
স্তৱকবোৰ ৰৈ যোৱা যেন
লাগিছে নেকি কোৱা
দুচকু জপাই দিয়া না
নামি আহিব
এজাক বৰষুণৰ কবিতা
মোলৈ চোৱা ।


ৰৈ আছো লিখিবলৈ নতুন ৰেখাৰে ......
স্তৱক -১
"গান্ধাৰ পাৰ কথা পাহৰি গৈছিলো
বিষাদ কি আছিল সুধোতে
বসন্ত আছিল মোৰ কাষত"

স্তৱক -২
মোক শিলুৱা আন্ধাৰে বিন্ধিব নোৱাৰে ...মই বুকুতে প্ৰাচীৰ গঢ়িব পাৰো শুনি চাবা এই অসাধুৰ কথা.....
স্তৱক -৩
"যদি অভিমান কৰো
অভিমানবোৰ আঙুলি ফাঁকেৰে ধোৱা হৈ উৰিব "

( Poet ,writer,actor,anchor)
Dibrugarh University Performing arts , Master's Sankerdev University Gyt

এখন পাহাৰভূমিৰ আকাশৰ তলত থাকো
বিচাৰিলে মোৰ ঠিকনা পাবা ।

শিৱসাগৰখন মোৰ ঠাই
গুৱাহাটীখন মায়া ,মই কিন্তু মায়াবিনী নহয়
কেৱল চহৰৰ বুকুত ডুবি শিপা খামুচি ছাঁ দিয়া গছ মানুহৰ বাবে !

ঠিক এই মূহুৰ্তত আপুনি মোৰ প্ৰফাইলটো খুলি মোক জানিবলৈ বিচাৰিব
মোৰ আত্মজাটো পঢ়িলে , মুখত এটি
হাঁহি লৈ ......

নিলিখিলে কোনে বুজিব পৃথিৱীৰ কাহিনীৰে ভৰা তলমল গৰ্ভৰ শব্দ
শব্দয়ে মোক চপাই আনে
শব্দয়ে দিয়ে মোক গভীৰ ছাঁ
আহক
এটি সৰু কবিতা
ক‌ওঁ .......

"জীৱন যদি কোলাহলৰ নৈ
মই বৈ যাম প্ৰান্তৰ বুকুত প্ৰভাতৰ
ৰজনী হৈ "


"অভিনয় কৰো, জীৱনৰ স্মৃতিক জীয়াই ৰাখিবলৈ অভিনয় যেন মোৰ কলা , মোৰ আত্মা" "মোৰ জীৱনবোধৰ কলা "

বুকুত থাকে কবিতাৰ দৰে অনেক আত্মজা বতৰা ।

'আহক চিনাকি হ‌ওঁ '
জীৱনৰ উৰ্দ্ধত গৈ অলপ জিৰাই কথা পাতো দুদিনীয়া জীৱনৰ বাবে ।


@দীক্ষিতা কাকতি ।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
December 08, 2023 549 +6 +1.2%
February 01, 2023 543 +15 +2.9%
September 30, 2022 528 +55 +11.7%
August 09, 2022 473 +2 +0.5%
July 03, 2022 471 -7 -1.5%
May 27, 2022 478 +6 +1.3%
April 19, 2022 472 +5 +1.1%
March 11, 2022 467 +44 +10.5%
January 13, 2022 423 +2 +0.5%
December 06, 2021 421 +6 +1.5%

Charts

Member of

More Clubhouse users