➸⃝⃝⃞⃟🇷‌IKTO ✮⃝​​​​🇭RIDOY on Clubhouse

Updated: Mar 21, 2024
➸⃝⃝⃞⃟🇷‌IKTO ✮⃝​​​​🇭RIDOY Clubhouse
1.6k Followers
1.5k Following
@mukttokontho1 Username

Bio

স্তব্ধ ৰেলগাড়ী

জীৱন নামৰ ৰেল গাড়ী খন আজি স্তব্ধ হৈ পৰিছে,
পৰিত্যক্ত,নিষ্প্ৰাণ, নিৰ্জন এটা বিৰক্তিকৰ ষ্টেচনত।
ভঙা-চিঙা, জৰাজীৰ্ণ এটা লেতেৰা প্লেটফৰ্ম,
যিমান দুৰলৈকে দুচকুৱে ঢুকি পায় সিমান দূৰলৈ এখন ধূসৰ মৰুভূমি।
প্ৰাণহীন শুকান পৰিবেশ, সকলোবোৰ গছ শুকাই কাঠ হৈছে,
সেউজীয়া বননি নাই, নাই কোনফালে প্ৰাণৰ স্পন্দন,
মনৰ মতে একোৱেই নাই, নাই কোনো মনোৰম দৃশ্য,
কোনো সহযাত্ৰী নাই যাত্ৰা পথত, নিসংগ বিৰক্তিকৰ এক অচল জীৱন।
ষ্টেচনত বহি মই চাইছো, কিমান যে ৰেলগাড়ী নিজৰ নিজৰ গতিত চলি আছে,
কিন্তু মোৰ জীৱন নামৰ ৰেলগাড়ী খন একেটা ষ্টেচনতে স্তব্ধ হৈ ৰৈ আছে।

প্ৰাণহীন এই ষ্টেচনতো এৰি যাবলৈ মই ব্যাকুল,
পিছলৈ ঘূৰি চালে দেখোঁ পাওঁ, আগতে এৰি অহা সেই ষ্টেচনবোৰ কিমান যে ৰঙীন আছিল,
তেতিয়া কিন্তু কতো ৰৈ যোৱা নাছিল মোৰ জীৱনৰ ৰেলগাড়ী খন।
কিন্তু কি অদ্ভুত এই জীৱন নামৰ ৰেলগাড়ীখন,
পিছলৈ ঘূৰি যাবলৈ খুজিলেও কোনো পধ্যে সম্ভৱ নহয়।
মই একেবাৰে অজ্ঞাত, কি কৰিলে ৰেলগাড়ীখন পুনৰ গতি কৰিব,
কেতিয়া আকৌ গতি কৰিব, সেইটো মই একেবাৰে জনা নাই।
মই প্লেটফর্মত বহি আছো এক হতাশ আৰু বিষণ্ণ মনেৰে,
মোৰ জীৱন নামৰ ৰেলগাড়ী খন একেটা ষ্টেচনতে স্তব্ধ ৰৈ আছে।

উপদেশ দিয়া লোকসকলে কয়, জীৱনটো মানুহে এবাৰে পাই,
জীৱনটো ভালকৈ উপভোগ কৰিব লাগে, সদায় প্ৰাণচঞ্চল হৈ থাকিব লাগে,
মোৰ মনটোৱে সদায় জানিব বিচাৰে, স্তব্ধ জীৱনটোৰ পৰা কি উপভোগ কৰিব পাৰি ?
মই এই প্ৰশ্নৰ শুদ্ধ উত্তৰ আজিলৈকে কাৰো পৰা পোৱা নাই।
উপদেশ দিয়া সকলে আকৌ কয়, অলপ ধৈৰ্য ধৰা,
সময় সলনি হব, জীৱনৰ ৰেলগাড়ীখন আকৌ চলিব, তুমি নিশ্চয় লক্ষ্যত উপনীত হব পাৰিবা।
সেইখিনি কথা মইও জানো, যে মানুহৰ বেয়া দিন এদিন নহয় এদিন নিশ্চয় অন্ত পৰিব।
কিন্তু স্কুল ছুটী হোৱাৰ পিছত স্কুললৈ যোৱাৰ কিবা অৰ্থ থাকিব পাৰে জানো ?
আচলতে চলন্ত ৰেলত গৈ থকা যাত্ৰী সকলে বুজি নাপায়,
যে স্তব্ধ হৈ ৰৈ থকা ৰেলগাড়ীখনৰ যাত্ৰীৰ মনত কি চলি আছে
মোৰ জীৱন নামৰ ৰেলগাড়ী খন একেটা ষ্টেচনতে স্তব্ধ ৰৈ আছে।

🖋️

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
March 04, 2024 1,611 +7 +0.5%
February 11, 2024 1,604 +4 +0.3%
January 24, 2024 1,600 +1 +0.1%
January 08, 2024 1,599 +1 +0.1%
December 23, 2023 1,598 +1 +0.1%
December 07, 2023 1,597 +3 +0.2%
November 23, 2023 1,594 +3 +0.2%
November 11, 2023 1,591 +2 +0.2%
October 23, 2023 1,589 -1 -0.1%
October 15, 2023 1,590 +1 +0.1%

Charts

Member of

More Clubhouse users