"জীৱন এখন কিতাপ"
মই এখন কিতাপ পালোঁ
যিখন পঢ়ি মই চঞ্চল হলোঁ
প্ৰথম পৃষ্ঠা পঢ়িব নোৱাৰিলোঁ
শেষ পৃষ্ঠা বুজিব নোৱাৰিলোঁ
পঢ়াৰ পিছত গম পালোঁ
গোটেই সময়খিনি নষ্ট কৰিলোঁ
এটা পৃষ্ঠাত একো লিখা নাছিল
আনটো পৃষ্ঠাত একো নেদেখিলোঁ
তথাপিও পঢ়ি পঢ়ি
হাঁহি ৰখাব নোৱাৰিলোঁ
মই এখন কিতাপ পালোঁ
যিখন পঢ়ি মই চঞ্চল হলোঁ
এটা পৃষ্ঠাত কিছু সপোন লিখিলে
আনটো পৃষ্ঠাত আপোনজনৰ কাৰুকাৰ্য্য
দুয়োটাই পঢ়ি পাপ কৰিলোঁ
এটা পৃষ্ঠাত মন অকলশৰীয়া
সেই পৃষ্ঠাতে বন্ধু অকলে
দুয়োটাতে হাঁহি থকা মুখখন মুখা কৰিলোঁ
মই এখন কিতাপ পালোঁ
যিখন পঢ়ি মই চঞ্চল হলোঁ
এটা পৃষ্ঠাত আশাৰ সমুদ্ৰ
আনটো পৃষ্ঠাত ছাঁৰ মেলা
সেয়া পাৰ কৰিয়েই মই
তই তোক তাকৰ পৰা চিধাই
মালিক চাহাব আপুনি আৰু
মহাশয় হৈ গলোঁ
মই এখন কিতাপ পালোঁ
যিখন পঢ়ি মই চঞ্চল হলোঁ।।।
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
June 16, 2024 | 6 | -1 | -14.3% |