Pinki Saikia on Clubhouse

Updated: Nov 10, 2023
Pinki Saikia Clubhouse
371 Followers
359 Following
@mousumi123 Username

Bio

পুৰুষ সকলৰ বাবে।❤️🥀


পুৰুষ হোৱাটোও সহজ নহয়.....
পুৰুষ বুলি কলেই ঠগ-প্ৰৱঞ্চক, বিশ্বাসঘাটক আখ্যা দিয়াৰ আগতে এবাৰ চাবাচোন দেউতাৰ উৱলি যোৱা পুৰণি চোলাটোলৈ।🥺
ভাতমুঠিৰ বাবে দিনৰ দিনটো কষ্ট কৰি ভাগৰি জুগৰি আহিও মিচিকিয়া হাঁহি এটি ওঁঠত ওলমাই ৰখা দেউতাৰ অকৃত্ৰিম নিভাঁজ মুখখনলৈ এবাৰ চাবাচোন, দেখিব পুৰুষ মানেই প্ৰৱঞ্চক নহয়।🥀
হাজাৰ দুখৰ মাজতো দুখবোৰ সযতনে লুকুৱাই এমোকোৰা হাঁহিৰে আনৰ ওচৰত সুখী হোৱাৰ অভিনয় কৰিয়েই পাৰ কৰি দিয়ে জীৱনযোৰা অধ্যায় পুৰুষসকলেই।🌻
কেতিয়াবা ভুমুকি মাৰি চাবাচোন টকাৰ অভাৱত নিজৰ সপোনবোৰৰ কথা পাহৰি মাক-দেউতাকৰ সপোনবোৰ পূৰাবলৈ উঠি পৰি লগা পুৰুষ সকলৰ হৃদয়খন।🌼🥀
দেখিবা ত্যাগ কেৱল নাৰীয়েই নকৰে, পুৰুষেও কৰে!
কেৱল সেইবোৰ অদৃশ্য হৈয়েই ৰৈ যায়।😥
ত্যাগৰ অগ্নিত দগ্ধ হৈ হৃদয়‌ থকাসৰকা কেৱল নাৰীৰেই নহয় পুৰুষৰো হয়! পাৰ্থক্য মাথোঁ এইখিনিতেই.....
নাৰীৰ দুখবোৰ প্ৰকাশ্য আৰু পুৰুষৰ অপ্ৰকাশ্য।🙂
নাৰীয়ে চিঞৰি চিঞৰি কান্দি দুখবোৰ পাতলাবলৈ সমাজে অধিকাৰ দিছে! কিন্তু পুৰুষক দিয়া নাই!💔
দুখবোৰ পাতলাবলৈ তেওঁলোকে অপেক্ষা কৰিবলগীয়া হয় নিশাৰ অন্ধকাৰলৈ!
অন্ধকাৰৰ আঁৰ লৈ উচুপি উঠে পুৰুষ সকলৰো ভগ্ন হৃদয়।❤️🥀
কেতিয়াবা মন কৰিবাচোন হাঁহিৰ মাজতেই তেওঁৰ সেমেকি উঠা চকুযুৰি।🥹
তেতিয়া বুজিবা,
পুৰুষ হোৱাটোও সহজ নহয়...!🥀🌻

✍️-পিংকি শইকীয়া।🌚

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
November 10, 2023 371 +7 +2.0%
January 30, 2023 364 -2 -0.6%
September 30, 2022 366 -5 -1.4%
August 09, 2022 371 +21 +6.0%
July 03, 2022 350 -23 -6.2%
May 27, 2022 373 +4 +1.1%
April 19, 2022 369 -5 -1.4%
January 13, 2022 374 -3 -0.8%
December 06, 2021 377 -1 -0.3%

Charts

Member of

More Clubhouse users