💚অচিনাকিৰ পৰাই চিনাকি হ'লো
ভাললগাবোৰকেই ভালপোৱাৰ নাম দিলো🌸 কথা দিছো, দুয়ো মিলি দেখা সপোনবোৰ এদিন পূৰণ কৰিম,🌝 আৰু আমাৰ মাজত থকা মধুৰ সম্পৰ্কটোক আজীৱন জীয়াই ৰাখিম।।🌺🦋🖤
চাকিগছি নুমাই যোৱাৰ বাবে, বাৰে বাৰে বতাহজাকক নো আৰু কিমান দোষ দিম… কেতিয়াবা তেলৰ অভাৱটো চাকিগছি নুমাই থাকে।
দোষ সদায় আনৰ নাথাকে, ভুল আমি নিজেই কৰো… সেয়ে চাগে কষ্টবোৰ আমিয়ে পাওঁ। জীৱনত বহুত ভুল হয়, কেতিয়াবা মানুহ চিনি পোৱাত, কেতিয়াবা সপোন দেখাত। সকলোৰে জীৱনটো আগৰে পৰা সজাই থোৱা নাথাকে, সকলোৰে ভাগ্য একে নাথাকে। সেয়ে চাগে কেতিয়াবা আধৰুৱা হৈ ৰয় সাপোনবোৰ, কেতিয়াবা সম্পৰ্কবোৰ…✨❤
পুতৌ নিবিচাৰিব
################
কিমানে গঢ়িব আপোনাৰ হৃদয়ৰ লগত
চিৰদিনলৈ আত্মিক সমন্ধ
কিছুসংখ্যকে পাৰে
কিন্তু আন কিছুসংখ্যকে ................
..............................
যেতিয়া দুখৰ কথা কৈ কান্দিবা
ক'ব কিছু সান্তনা ভৰা বাক্য
আৰু তাৰ পাছত ,
ভাবিছে নেকি তেওঁলোকে আপোনাৰ লগত
চিৰদিনলৈ আত্মিক সু-হৃদয়তা গঢ়িব
...............
তেন্তে মিছা ভাবিছে........
সৰলতাক বহুতে দুৰ্বলতা বুলি ভাবে
যদি পুতৌ নিবিচাৰে
মনক শক্তিশালী বনাওক
দুখ বোৰে যেতিয়া আৱৰি ধৰিব
নিৰ্জনতাৰ কাষত গৈ হেঁপাহ পলুৱাই কান্দি ব,
মনত ৰাখিব ,চকুযুৰীয়ো ভাগৰ লাগে
ভাগৰ লগা সুযোগতে
ভাল লগা কামবোৰ মনপুতি কৰিব,
চাবচোন সেই কামবোৰ কৰোঁতে কৰোঁতে
এদিন সফলতাই আগুৰি ধৰিব
এনে সৰু বৰ সকলো সফলতাই হব আপোনাৰ শক্তি ।