❥⃝үυ мι кσ on Clubhouse

Updated: Dec 26, 2023
❥⃝үυ мι кσ Clubhouse
795 Followers
762 Following
@evilgirl0.9 Username

Bio

@munuuuuuuu ❤😘

মিলিছে মিলিব দিয়া.
দুখনি হিয়া..
উৰিছে উৰিব দিয়া মন চিলা💃❤

𝐵𝐼𝐺𝐹𝐴𝑁
❤𝐴𝐵𝐻𝐼𝑃𝑈𝑊𝐴𝐿𝐼❤

👉𝑂 𝐵𝐸𝐻 𝐶𝐴𝑆𝐸 𝑁𝐴𝐼 𝐵𝐸𝐻👈
𝐵𝐼𝑆𝐻𝐴𝐿😘
𝐽𝐴𝐴𝑁𝐽𝑂𝑁𝐼-𝐷𝐼𝑀𝑃𝐿𝐸❤


তুমিয়েই একমাত্ৰ নহয় !
যাৰ মৰম লগা মুখখনলৈ চাই মই বাৰে বাৰে প্ৰেমত পৰিছো।
তুমিয়েই একমাত্ৰ নহয়
যাৰ অনুভবত বেবেৰিবাং শব্দবোৰ বুটলি মই উজাগৰী নিশাটো মৰমৰ অনুভৱ লিখিছোঁ।
তুমিয়েই একমাত্ৰ নহয়
যাৰ আঙুলিৰ ফাঁকত খামুচি ধৰি মই গুণগুণাও প্ৰেমৰ গান , যাৰ সৈতে জোনাক ভৰা আকাশলৈ চাই কল্পনাৰ সূতাৰে গাঁঠিছোঁ এখনি সুখৰ ঘৰ, যাৰ সৈতে এখন্তেক জিৰাবৰ বাবে জনসমুদ্ৰৰ পৰা আঁতৰি কোনোবা নিৰিবিলি ঠাইত আশ্ৰয় লৈছোঁ, অথবা যাৰ সৈতে ৰেষ্টুৰেণ্টে ৰেষ্টুৰেণ্টে সুস্বাদু খাদ্যৰ সোৱাদবোৰ লৈছোঁ ইত্যাদি ইত্যাদি।

মোক ভুল নুবুজিবা !
কিন্তু তুমিয়েই একমাত্ৰ নহয়
তোমাৰ আগমনৰ আগতেও মই হাজাৰ বাৰ প্ৰেমত পৰিছো।

শুনা !
অভিমান ভৰা মুখখন মোৰ ফালে ঘূৰোৱা
মই মিছা মাতিব নাজানো মোৰ বুকুত হাত থৈ অনুভৱ কৰা। অতীতৰ সমূহ অনুভৱ পাহৰি মোৰ বুকুত এতিয়া তোমাৰ নামৰে স্পন্দনে নাচিছে।

হ'ব পাৰে তুমিয়েই একমাত্ৰ নাছিলা যাৰ প্ৰেমত মই মন প্ৰাণ সঁপি দিছিলোঁ।
কিন্তু তুমিয়েই একমাত্ৰ হয়
যাক মই শেষ বাৰৰ বাবে প্ৰেম কৰিছোঁ।
যাৰ টোপনিৰ পৰা সাৰ পোৱা আউলি বাউলি চুলিৰ মুখখন মোৰ বাবে পৃথিৱীৰ আটাইতকৈ মৰমলগা মুখ।
যাৰ বিষয়ে লিখিবলৈ নালাগে মোক সাহিত্যিক শব্দমালা।
অথবা তুমিয়েই একমাত্ৰ হ'বা
যি কাষ চাপি আহিলেই অজানিতে মনত বাজে প্ৰেমৰ সুৰীয়া ৰাগ, যাৰ সৈতে ডাৱৰত কল্পনাৰ ঘৰ সজাৰ বিপৰীতে পৃথিবীতে থাকিব এখন সৰু ঘৰ, যাৰ সৈতে আজীৱন একেলগে থাকিবলৈ কাষ চাপিম সমাজৰ ওচৰ।

আৰু শুনা !
তুমিয়েই একমাত্ৰ হয়
যাৰ লগত পুৱা গধূলি কিম্বা প্ৰতিসাজ একেলগে খাবৰ বাবে আগুৱাই যাম জীৱনৰ কণ্টকময় পথত।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
December 26, 2023 795 +663 +502.3%

Member of

More Clubhouse users