**আপোনাৰ প্ৰেমিকা হব বিচাৰোঁ**
আপুনি মোক বৰকৈ
আমনি কৰে অ'
মাজ ৰাতিও মই যেতিয়া
সাৰ পায় উঠোঁ
তেতিয়া এনে লাগে যেন
আপুনি মোৰ সমুখত ৰৈ আছে
মোৰ মন পদূলিত....
আপোনাৰ উপস্থিতিৰ খোজ টোৱে
মোক বৰকৈ ব্যাকুল কৰে অ'
উশাহৰ গতি বেগো ...
ঘনে ঘনে বৃদ্ধি কৰে ।
আপুনি আহিলেই মই নিজকে
নতুনকৈ সাজিবলৈ বাধ্য
হৈ পৰো....
আপোনাৰ বাবেই যেন
প্ৰিয় ৰঙৰ সাঁজ যোৰ
উলিয়াই আকৌ এবাৰ পিন্ধো ।
আপুনি হয়তো নাজানেই
আপোনালৈ বুলি মোৰ চেনেহৰ
আখলত কিমান যে কি
আয়ো জন কৰোঁ।
দেখিলে হয়তো আপুনি আচৰিত হব
এইবাৰ আপুনি আকৌ আহিব
আপোনাৰ পৰশত জী উঠিব
খোজা মোৰ চোতালৰ
মৰহা দুৱৰি জনীক আকৌ
নিচুকাই থৈ যাব
মাথো ! মাথো মোৰ ফালে নাচাব
আপুনিটো জানেই আপোনাৰ দুচকুৰ
তিক্ষ্ণতা মই সহ্য কৰিব নোৱাৰোঁ
কিয় নাজানো...
আপোনাক তুমি বুলি মাতিবলৈ লৈয়ো
দেখোন মই লাজত হে মৰো
আপোনাৰ কথা ভাবিলেই
মোৰ মনটো চিলাৰ দৰে
উৰি ফুৰিব বিচাৰে
কেতিয়াবা মন যায় মোৰ
আপোনাৰ হাতত হাত ধৰি
উলাই যাবলৈ ...কিন্তু...
কিন্তু মোৰ যে বহুত লাজ লাগে
আপোনাৰ চকুত চকু থবলৈ
আপোনাক কবলৈ মোৰ বহুত
মন যায় যে
আপোনাৰ প্ৰেমিকা হব বিচাৰোঁ
অ' **আপোনাৰ প্ৰেমিকা হব বিচাৰোঁ**
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
August 16, 2023 | 533 | +113 | +27.0% |
March 11, 2022 | 420 | +67 | +19.0% |
January 13, 2022 | 353 | +11 | +3.3% |
December 06, 2021 | 342 | +27 | +8.6% |