নিলাজ প্ৰেমিক মই তোমাৰ on Clubhouse

Updated: Aug 17, 2023
নিলাজ প্ৰেমিক মই তোমাৰ Clubhouse
11 Followers
7 Following
@bhaskarjh Username

Bio

এটি কাল্পনিক কথোপকথন

হঠাৎ এটা চিনাকি যেন অচিনাকী নম্বৰৰ পৰা মেছেজ আহিল

: কেনে আছা?
: ভালেই আছোঁ
: মইও ভালেই আছোঁ
: জানোঁ তুমি যে ভালেই আছা
: নাজানিবা নো কেনেকৈ, তুমি লুকাই চুৰকৈ মোৰ খবৰ লৈয়েই থাকা
: কিবা কাৰণত মেছেজ দিছিলা?
: তোমাক কি মেছেজ দিবলৈ মোৰ অধিকাৰ নাই?
: অধিকাৰ, অধিকাৰ তোমাৰ আছে নে নাই এবাৰ নিজক শুধি চোৱা চোন
: বেয়া নোপোৱা যদি এটা কথা শুধো
: বেয়া, বেয়া পাবলৈ মই কেতিয়াবাই এৰি দিছো, এতিয়া কোনো কথাই কেতিয়াও মোৰ মন বেয়া কৰিব নোৱাৰে
: উফ, তুমি আজিকালি চিনেমাৰ ডাইলগ লিখা নেকি?
: শুধা, কি শুধিব বিচাৰিছিলা
: পুৰনি স্মৃতিবোৰে এতিয়াও তোমাক আমনি কৰেনে?
: হঠাৎ এইটো কথা শুধিলা যে, কিয়?
: নাই এনেই শুধিলো, মনত আছেনে তোমাৰ আমি প্রথম লগ পোৱা দিনটো, আমি যে দুয়ো লাজতে কথাই পতা নাছিলোঁ। আৰু যে বহুদিন এনেকুৱা হৈছিল তুমি কাষলৈ আহি হাই বুলি কোৱা মই হেল্লো বুলি কৈ পুনৰ দুয়ো মনে মনে থাকো
: যিকেইটা দিন হয়তো মোৰ জীৱনলৈ নাহিলেই ভাল আছিল
: আৰু তোমাৰ এটা কথা মনত পৰিলে এতিয়াও হাঁহি উঠে, তুমি তোমাৰ ফোন নম্বৰটো মোক দিবৰ দিনা তুমি কৈছিলা যে তোমাক তোমাৰ নম্বৰটো মোক দিবলৈ তোমাৰ বন্ধুৱে কৈছিল, যাতে মই নম্বৰটো গ্ৰহণ নকৰিলেও দোষটো তোমাৰ বন্ধুৰ হয়
: তুমি প্রথমবাৰ মোক ফোন কৰোতে মই ৰিছিভ কৰা নাছিলোঁ আৰু তাৰ পিছতেই তুমি ফোন অফ কৰি থৈছিলা
: কিমান যে ভাল বেয়া দিন পাৰ কৰিছিলোঁ একেলগে
: আৰু এদিন হঠাৎ সকলো শেষ হৈ গৈছিল
: নাজানোঁ কোনখিনিত ভুল হৈ গ'ল, ভুল কাৰ আছিল সেইটোও নাজানোঁ
: ভুল, ভুল কেতিয়াও কাৰোৱেই নাথাকে, মাথোঁ পৰিস্থিতিৰ সন্মুখত সকলো বাধ্য হৈ পৰে
: এতিয়াও বহু কিবা কিবি অনুভৱ কৰো কিন্তু মই খুলি কব নোৱাৰোঁ
: কি হল? পুনৰ প্রেমত পৰিবলৈ মন গৈছে নেকি?
: নাই যোৱা, তুমিহে শেষ কৰিছিলা মই কিয় পুনৰ আৰম্ভ কৰিম
: মই শেষ কৰিছিলোঁ নেকি? হব পাৰে দিয়া, বহুদিন হল মনত নাই এতিয়া
: তাৰ মানে তুমি পাহৰি গৈছা মোক, ভালেই হৈছে, বাই

অভিমান মিহলি এটি মেছেজ আহিল আৰু নম্বৰটো অফলাইন হৈ গ'ল। মই নম্বৰটো ডাইল কৰিলো, নম্বৰটো ৰিং হৈছে। তাৰ মানে মোৰ নম্বৰটো এতিয়া ব্লক লিষ্টত নাই। ফোনটো ৰিছিভ কৰি সিফালৰ পৰা অভিমান মিহলি কন্ঠ এটি ভাঁহি আহিল, কি হ'ল কিয় ফোন কৰিছা

Member of

More Clubhouse users