জুবিন দাৰ অনুৰাগী on Clubhouse

জুবিন দাৰ অনুৰাগী Clubhouse
250 Members
Updated: Mar 7, 2024

Description

❤❤মন গলেই তেওঁ হাতৰ তলুৱাতেই নাহৰ ফুলাই
আউসীৰ অমানিশাতো কণ্ঠত
শৰতৰ মুঠি মুঠি জোনাক নমাই

যাৰ গীটাৰৰ ষ্ট্ৰিঙত অনুৰাগীৰ আবতৰীয়া ব'হাগ নামে,
গানৰ পথাৰত যাৰ দুভৰিৰ পৰশত মায়াময় শইচ ফুলে
তেৱেঁই দাদা সকলোৰে মৰমৰ,
যুৱপ্ৰজন্মৰ হাৰ্টবীট,
অসমীৰ তেজাল বাঘ
খিলঞ্জীয়াৰ জাতিৰ মান।

হেজাৰজনৰ সাহস তেওঁ,
থিয় দিয়ে য'ত,
সৃষ্টি হয় হেজাৰ বিজাৰ জনতাৰ মঞ্চ,
যাৰ কণ্ঠত বৰলুইতৰ বিশালতাই নাচে,
ওঁঠৰ ভাষাত অসমীৰ স্বাভিমানী আঁচল উৰে,
খাৰঘুলী টিলাত যাৰ গর্জনত বিদেশীৰ বুকু কপে,
তেওঁৰ এটি আহ্বানত জাতিয়ে হেংদাঙৰ কবিতা ৰছে।

যাৰ কণ্ঠই ব্লেক পলিটিক্সত বিপ্লৱৰ জোৱাৰ তোলে,
যাৰ গীতে বলিউডতো খলক তোলে,
তেওঁ ব'হাগত জানমণি বুলি নক'লে যে অসমীয়াৰ বিহুটিয়ে নাহে!
গাঁওৰ সৰু পদূলিটো তেওঁৰ সপোন ফুলে,
লুইতৰ ইপাৰ সিপাৰ বাগৰি
তেওঁৰ মৰমে হাঁহে,
তেওঁৰ মনে প্ৰাণে বাজি থাকে আইৰ মৰমৰ টান।
তেওঁৰ বুকুৰ উমত জ্বলি আছে আইৰ জয় গান।

তেওঁৱেই জুবিন
তেওঁ প্ৰেম সংগীতৰ,
তেওঁ জীৱন সংস্কৃতিৰ,
তেওঁ শিল্পী তিনিও যুগৰ,
অসমীয়াৰ প্ৰাণ তেওঁ,
তেওঁ কাহানিও নাভাগৰে ,
জীৱন বিচাৰে মানুহৰ মাজতে,
মৰম বুটলে নিভাঁজ হৃদয়েৰে!
অসমীৰ অভিমানী বুকুত
স্বাভিমানি নিচান উৰুৱাই তেওঁ জীয়াই আছে,
তেওঁ জীয়াই থাকে খিলঞ্জীয়াৰ আৱেগত।
জীয়াই থাকিব অসমৰ স্বাভিমানী আকাশত
আৰু অসমীৰ বুকুৰ প্ৰতি ভাঁজত।

তেওঁ জীয়াই আছে হেজাৰ অনুৰাগীৰ প্ৰাণত,
জীয়াই আছে চিৰপ্ৰবাহমান চিৰচেনেহী গীতৰ মাজত,
থাকিব সদায় অসমীৰ আয়ুসৰেখাত।❤❤

Last 30 Records

Day Members Gain % Gain
March 07, 2024 250 +4 +1.7%
January 17, 2024 246 +3 +1.3%
December 03, 2023 243 +1 +0.5%
October 28, 2023 242 0 0.0%
September 28, 2023 242 +1 +0.5%
August 29, 2023 241 +1 +0.5%
July 27, 2023 240 +2 +0.9%
July 01, 2023 238 -5 -2.1%
April 05, 2023 243 +2 +0.9%
March 11, 2023 241 +3 +1.3%
February 02, 2023 238 +1 +0.5%
January 29, 2023 237 +1 +0.5%
December 26, 2022 236 -1 -0.5%
December 22, 2022 237 +1 +0.5%
November 28, 2022 236 +1 +0.5%
November 09, 2022 235 -1 -0.5%
October 08, 2022 236 -2 -0.9%
October 02, 2022 238 +1 +0.5%
September 29, 2022 237 +1 +0.5%
August 31, 2022 236 +3 +1.3%
August 18, 2022 233 +1 +0.5%
August 11, 2022 232 +1 +0.5%
August 05, 2022 231 -3 -1.3%
July 29, 2022 234 +1 +0.5%
July 23, 2022 233 +3 +1.4%
July 16, 2022 230 +1 +0.5%
July 10, 2022 229 +1 +0.5%
July 03, 2022 228 +1 +0.5%
June 27, 2022 227 +3 +1.4%
June 14, 2022 224 +5 +2.3%

Charts

Some Club Members

More Clubs