_তুমি উতনুৱা ফাগুনৰ পলাশ_ on Clubhouse

_তুমি উতনুৱা ফাগুনৰ পলাশ_ Clubhouse
51 Members
Updated: Mar 7, 2024

Description

²9/07/²²...

_ফাগুনৰ বতৰা_
ধূসৰ উদং পথাৰত
সেন্দুৰ সনা ৰঙৰ পোহৰ লৈ
তুমি পলাশ ।
লঠঙা গছবোৰৰ ডালে ডালে
পছোৱা বতাহে সিঁচি দিয়ে
তোমাৰেই ৰং ..
শুকান পথাৰৰ আলিয়ে আলিয়ে
চিনাকী সুৰৰ মাজত
তুমি ফাগুনৰ পলাশ ।
উন্মনা প্ৰেমিকাৰ
ধমনীৰ চালিকা শক্তি
হৃদয়ৰ ৰং...
উতনুৱা ফাগুনৰ পলাশ
তোমাৰ ৰঙেৰে ৰাঙলী হয়
সন্ধিয়াৰ বিস্তৃত পৰিধি ।
মমৌন আকাশে মিচিকিয়াই হাঁহে
নিলাজ সময়ে সখীৰ সতে
আলিঙ্গন কৰে
সৰা পাতবোৰে প্ৰাণ পায় ।
তোমাৰ পৰশত জুৰিৰ পাৰত বহি
লাজুকীহতৰ মন পিছলে ।
প্ৰযুক্তিৰ বৰ্ণিল শোভাযাত্ৰাত
সোণালী সুতাৰে বুটা বচা
চাদৰৰ আঁচলে
চৌপাশে উপচাই দিয়ে
তোমাৰেই ৰং...
তুমি উতনুৱা ফাগুনৰ
চঞ্চল ৰাঙলী পলাশ ..🥀

Last 30 Records

Day Members Gain % Gain
March 07, 2024 51 0 0.0%
January 16, 2024 51 0 0.0%
December 03, 2023 51 0 0.0%
October 28, 2023 51 +1 +2.0%
September 27, 2023 50 +1 +2.1%
August 29, 2023 49 0 0.0%

Charts

Some Club Members

More Clubs