আকাশৰ সিপাৰে on Clubhouse

আকাশৰ সিপাৰে Clubhouse
361 Members
Updated: Mar 20, 2024

Description

সংগীত অবিহনে মানুহে জীয়াই থাকিব নিবিচাৰে...
সংগীত অবিহনে মানুহে উশাহ লবলৈ নিবিচাৰে...
আইৰ মুখৰ প্ৰথমটো সুৰ,অচিনাকি পৃথিৱীৰ প্ৰথমটো চিনাকি সুৰ...
প্ৰাৰ্থনা সভাত "অ মোৰ আপোনাৰ দেশ"....
সুৰ-তাল নাই,আছে সীমাহীন ভালপোৱা।
সপোন ভঙাৰ ভয়ত ৰাতি টোপনি নাই,জুবিনদাৰ প্লেলিষ্ট
"মই ভাগৰা নাই,জীৱন হেৰুৱা নাই"....
হোষ্টেলৰ প্ৰথমটো দিন লগত পাপনদা....
"সন্ধ্যা যেতিয়া নামে,জিলমিলাই কাঁচি জোনে...
আইলৈ মনতে পৰে"....
তেওঁৰ প্ৰথমবাৰ দেখোঁতে এনে লাগিছিল যেন জুবিনদাই নিশিতাবাক গছৰ তলৰ পৰা চাই আছে "তোমাক দেখা পালে সপোন জাগি উঠে,বুকুখনি হয় তাজমহল"....বিচ্ছেদৰ উজাগৰী নিশা,কাণত জগজিদজীৰ "হছৱাল' ক খবৰ কিয়া".....
আচলতে সংগীত নোহোৱা জীৱন এটি জীৱন হ'ব নোৱাৰে।প্ৰতিটো খোজতে প্ৰতিজন ব্যক্তিয়ে কঢ়িয়াই ফুৰে কিছুমান সংগীত।লোকেল ট্ৰেইনত ওলমি থাকোতে বাহিৰৰ পৰা অহা শব্দই হওঁক বা মাজনিশাৰ চিটি বাছৰ শেষৰটো চিটত বহি বাহিৰলৈ চাওঁতে অনুভৱ কৰা নির্জনতা।দেউতাৰ ৰেকৰ্ড প্লেয়াৰটোৱে হওঁক বা আইতাৰ নামঘোষা সকলো সংগীতেই..... সকলোতে সংগীতেই।
চিনাকি অচিনাকি হেজাৰটা সুৰ,প্ৰতিটো সুৰত আমাৰ কিছুমান টুকুৰা....
স্মৃতিৰ টুকুৰা।
গুণগুণাই থাকক উশাহ থকালৈকে...
জীৱন এটাই।
বেয়া শব্দ ব্যৱহাৰ নকৰিব।🙏:
আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়☺️: বিশ্ব ব্ৰহ্মাণ্ডত থকা জীৱৰ ভিতৰত মানুহ হৈছে শ্ৰেষ্ঠ জীৱ। মানুহ এই কাৰণে শ্ৰেষ্ঠতম জীৱ যে মানুহৰ বিচাৰ-বুদ্ধি, ভাল-বেয়া আদি গুণ আছে। গতিকে নম্ৰতা ভদ্ৰতা আদি গুণেৰে যদি বিভূষিত তেন্তে ব্যৱহাৰ ভালে ৰাখক।
Mod বিচাৰি অপমান নকৰিব🙏:

Last 30 Records

Day Members Gain % Gain
March 20, 2024 361 +1 +0.3%
January 29, 2024 360 0 0.0%
December 16, 2023 360 0 0.0%
November 06, 2023 360 0 0.0%
October 06, 2023 360 +1 +0.3%
September 06, 2023 359 +8 +2.3%
August 09, 2023 351 -1 -0.3%

Charts

Some Club Members

More Clubs